সনজীদা খাতুন | |
---|---|
জন্ম | ৪ এপ্ৰিল, ১৯৩৩ (৯১ বছৰ) ব্ৰিটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
শিক্ষা | এম.এ, পিএইছডি |
শিক্ষানুষ্ঠান | ঢাকা বিশ্ববিদ্যালয় বিশ্ব ভাৰতী বিশ্ববিদ্যালয় |
পেচা | ৰবীন্দ্ৰ সংগীত শিল্পী, লেখক, গৱেষক, সংগঠক, সংগীতজ্ঞ, শিক্ষকতা |
জনা যায় | ছায়ানটৰ অধ্যক্ষ |
দাম্পত্যসঙ্গী | ৱাহিদুল হক |
পিতৃ-মাতৃ | কাজী মোতাহাৰ হুছেইন |
আত্মীয়-স্বজন |
|
বঁটা, সন্মান, পুৰস্কাৰ আদি | একুশে পদক, ১৯৯১ বাংলা একাডেমী সাহিত্য পুৰস্কাৰ, ১৯৯৮ পদ্মশ্ৰী, ২০২১ |
সনজীদা খাতুন (ইংৰাজী: Sanjida Khatun, জন্ম: ৪ এপ্ৰিল ১৯৩৩)[1] এগৰাকী ৰবীন্দ্ৰ সংগীত শিল্পী, লেখক, গৱেষক, সংগঠক, সংগীতজ্ঞ, শিক্ষক তথা বাংলাদেশৰ সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম ব্যক্তিত্ব। তেওঁ বাংলাদেশৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক প্ৰতিষ্ঠান 'ছায়ানট'ৰ প্ৰতিষ্ঠাপক সদস্য আৰু বৰ্তমান অধ্যক্ষ।[2] তেওঁ ৰাষ্ট্ৰীয় ৰবীন্দ্ৰ সংগীত সম্মিলন সমিতিৰ এজন প্ৰতিষ্ঠাপক সদস্য। ইয়াৰ লগতে তেওঁ শিশু শিক্ষা প্ৰতিষ্ঠান নালন্দাৰ সভাপতি। ১৯৯১ চনত তেওঁক বাংলাদেশ চৰকাৰে একুশে পদক প্ৰদান কৰিছিল। ১৯৯৮ চনত তেওঁ বাংলা একাডেমী সাহিত্য পুৰস্কাৰ লাভ কৰিছিল। ২০২১ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক কলা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3][4]
১৯৩৩ চনৰ ৪ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতত সনজীদা খাতুনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ড° কাজী মোতাহাৰ হুছেইন এজন বিখ্যাত পণ্ডিত আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় অধ্যাপক আছিল। সনজীদা খাতুন বাংলাদেশৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ আৰু সংগীতজ্ঞ। তেওঁ কাজী আনোৱাৰ হুছেইনৰ ভগ্নী আৰু ৰবীন্দ্ৰ সংগীত বিশেষজ্ঞ ৱাহিদুল হকৰ পত্নী।
তেওঁ ১৯৫৪ চনত বাংলা ভাষা আৰু সাহিত্যত সন্মানসহ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৫৫ চনত ভাৰতৰ শান্তিনিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। পিছত তেওঁ ১৯৭৮ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে।[5]
সনজীদা খাতুনে শিক্ষকতাৰ জৰিয়তে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। শান্তিনিকেতনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ বাংলা ভাষা আৰু সাহিত্য বিভাগৰ অধ্যাপক পদত যোগদান কৰিছিল। দীৰ্ঘ দিন ধৰি শিক্ষকতা কৰাৰ পিছত তেওঁ বিশ্ববিদ্যালয়ৰ শিক্ষাদানৰ পৰা অৱসৰ গ্ৰহণ কৰে।[6] ১৯৭১ চনত মুক্তি যুদ্ধৰ সময়ত খাতুনে বাংলাদেশ মুক্তি সংগ্ৰামী শিল্পী সংস্থা আৰু ১৯৬০দশকৰ আৰম্ভণিতে ছায়ানট অন্যতম প্ৰতিষ্ঠাতা আছিল।[7][8][9] বৰ্তমান তেওঁ ছায়ানটৰ অধ্যক্ষ পদত অধিষ্ঠিত। তেওঁ ৰাষ্ট্ৰীয় ৰবীন্দ্ৰ সংগীত সম্মিলন সমিতিৰ এজন প্ৰতিষ্ঠাপক সদস্য। ইয়াৰ লগতে তেওঁ শিশু শিক্ষা প্ৰতিষ্ঠান নালন্দাৰ সভাপতি।[10]
সনজীদা খাতুন ৰবীন্দ্ৰ সংগীত বিশেষজ্ঞ ৱাহিদুল হকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ তিনি সন্তান ক্ৰমে আপালা ফাৰহাট নাৱেদ, পাৰ্থ তনবীৰ নাৱেদ, ৰুচিৰা তবচ্ছুম নাৱেদ।
সনজীদা খাতুনে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। 'নজৰুল মানস' কিতাপখনৰ বাবে ১৯৮৮ চনত ব্ৰাক বেংক-সমকাল শিক্ষা পুৰস্কাৰ লাভ কৰিছিল। ১৯৯১ চনত তেওঁক বাংলাদেশ চৰকাৰে একুশে পদক প্ৰদান কৰিছিল। ১৯৯৮ চনত তেওঁ বাংলা একাডেমী সাহিত্য পুৰস্কাৰ লাভ কৰিছিল। ২০১০ চনত তেওঁ ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ লাভ কৰিছিল।[10] একে বছৰে তেওঁ পঞ্চম চিটিচেল চেনেল সংগীত বঁটা অনুষ্ঠানত তেওঁক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।[11] ২০১২ চনত তেওঁ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ সন্মান ' দেশিকোত্তম পুৰস্কাৰ' লাভ কৰে।[7] তদুপৰি কলকাতাৰ ঠাকুৰ গৱেষণা প্ৰতিষ্ঠানে তেওঁক ২০১৯ চনত তেওঁৰ 'ৰবীন্দ্ৰ তত্ত্বচাৰ্য' উপাধি প্ৰদান কৰিছিল। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী প্ৰদান কৰে।[12]
তেওঁ মুঠ ১৬খন গ্ৰন্থ ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্যসমূহ হৈছে: